লক্ষ্মীনাথ তামুলী
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
লক্ষ্মীনাথ তামোলী এগৰাকী বুৰঞ্জী চৰ্চাকাৰী, সংকলক-সম্পাদক, অধ্যাপক আৰু প্ৰশাসনিক বিষয়া।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]জন্ম ১৯৪৯ চনত, গজপুৰীয়া গাঁও, যোৰহাটত। নাওবৈছা প্ৰাইমেৰী স্কুলত শিক্ষাৰম্ভ। ষষ্ঠমান শ্ৰেণীলৈকে কল্যাণী হাইস্কুলত শিক্ষা আৰু যোৰহাট চৰকাৰী বহুমুখী বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ। ১৯৭২ চনত জগন্নাথ বৰুৱা কলেজৰপৰা ইতিহাসত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ। ১৯৭৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ। ১৯৭৫ চনত জগন্নাথ বৰুৱা কলেজত ইতিহাসৰ অধ্যাপনা আৰম্ভ। ১৯৭৭ চনত অসম প্ৰশাসনীয় সেৱাৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে যোগদান। ৰাজৰোষত পৰি ১৯৮৩ চনৰ ৩১ জানুৱাৰীৰপৰা চাকৰিৰপৰা বৰ্খাস্ত হয়।
বুৰঞ্জী চৰ্চা
[সম্পাদনা কৰক]প্ৰথম ইতিহাসমূলক প্ৰবন্ধ জয়মতী কুঁৱৰীঃ ইতিহাস নে কিংবদন্তি ১৯৮৪ চনৰ ছেপ্টেম্বৰ-নৱেম্বৰ সংখ্যাৰ ‘প্ৰকাশ’ত প্ৰকাশ হয়। তাৰ পিছতে বিভিন্ন ঐতিহাসিক বিষয়ত এলানি প্ৰবন্ধ প্ৰকাশিত হয়। ‘আৱেগ বনাম’ ইতিহাস তেওঁৰ এক বিশ্লেষণাত্মক গ্ৰন্থ।
অন্যান্য গ্ৰন্থসমূহ
[সম্পাদনা কৰক]১. ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান
২. বুৰঞ্জী আৰু বিতৰ্ক
৩. বাস্তৱৰ বিড়ম্বনা