নিউট্ৰন
চিত্ৰত নিউট্ৰন গঠন কৰা কোৱাৰ্কসমূহ দেখুওৱা হৈছে। প্ৰতিটো কোৱাৰ্কৰ বাবে ব্যৱহাৰ কৰা ৰংবোৰ যাদৃচ্ছিক, কিন্তু এই তিনিওটা ৰং থকাটো বাধ্যতামূলক। কোৱাৰ্কসমূহৰ মাজত গ্লুৱন কণাৰ মধ্যস্থতাত আন্তঃক্ৰিয়াৰ সৃষ্টি হয় আৰু এই আন্তঃক্ৰিয়াই তিনিওটা কোৱাৰ্কক একেলগে বান্ধি নিউট্ৰন গঠন কৰে। | |
বৰ্গীকৰণ | বেৰিয়ন |
---|---|
গঠন | ১টা আপ কোৱাৰ্ক, ২টা ডাউন কোৱাৰ্ক |
পৰিসংখ্যা | ফাৰ্মিয়নিক |
আন্তঃক্ৰিয়া | মহাকৰ্ষণ, বিদ্যুৎচুম্বকীয় বল, দুৰ্বল আন্তঃক্ৰিয়া, সবল আন্তঃক্ৰিয়া |
সংকেত | n, n0 , N0 |
প্ৰতিকণা | এণ্টিনিউট্ৰন |
ধাৰণা আগবঢ়োৱা ব্যক্তি | আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড[1] (1920) |
আৱিষ্কাৰক | জেমছ্ চেডৱিক[2] (1932) |
ভৰ | 1.67492749804(95)×10−27 kg[3] 939.56542052 |
গড় জীৱনকাল | 878.4(5) s (free)[4] |
বৈদ্যুতিক আধান | ০ e (−2±8)×10−22 e (experimental limits)[5] |
বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক | < 1.8×10−26 e⋅cm (experimental upper limit) |
চুম্বকীয় ভ্ৰামক | −0.96623650(23)×10−26 J·T−1[6] |
ঘূৰ্ণন | ১২ ħ |
আইচ'স্পিন | −১২ |
Parity | +১ |
Condensed | I(JP) = ১২(১২+) |
নিউট্ৰন হৈছে এটা উপ-পাৰমাণৱিক কণা (চিহ্ন- n অথবা n0
), যাৰ কোনো বৈদ্যুতিক আধান নাই, আৰু ইয়াৰ ভৰ প্ৰ'টনতকৈ সামান্য বেছি। প্ৰ'টন আৰু নিউট্ৰনে পৰমাণুৰ নিউক্লিয়াছ গঠন কৰে । যিহেতু নিউক্লিয়াছৰ ভিতৰত প্ৰ'টন আৰু নিউট্ৰনৰ আচৰণ একে, সেয়েহে ইহঁত দুয়োটাক নিউক্লিয়ন বুলি কোৱা হয়। নিউক্লিয়নৰ ভৰ প্ৰায় এক পাৰমাণৱিক ভৰ একক বা ডেল্টন (চিহ্ন: Da)। ইহঁতৰ ধৰ্ম আৰু পাৰস্পৰিক ক্ৰিয়া নিউক্লীয় পদাৰ্থ বিজ্ঞানে ব্যাখ্যা কৰে। প্ৰ'টন আৰু নিউট্ৰন মৌলিক কণা নহয়; উভয়ে তিনিটা কোৱাৰ্কেৰে গঠিত।
পৰমাণুৰ ৰাসায়নিক ধৰ্ম প্ৰধানকৈ ইয়াৰ গধুৰ নিউক্লিয়াছটোক প্ৰদক্ষিণ কৰা ইলেকট্ৰনৰ বিন্যাসৰ দ্বাৰা নিৰ্ধাৰিত হয়। ইলেকট্ৰনৰ বিন্যাস নিউক্লিয়াছৰ আধানৰ দ্বাৰা নিৰ্ধাৰিত হয়, যিটো প্ৰ'টনৰ সংখ্যা বা পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। নিউট্ৰনৰ সংখ্যাই ইলেকট্ৰনৰ বিন্যাসত কোনো প্ৰভাৱ নেপেলায়।
একেবিধ মৌলৰে কেৱল নিউট্ৰনৰ সংখ্যাৰ পাৰ্থক্য থকা পৰমাণুবোৰক সমস্থানিক বোলা হয়। উদাহৰণস্বৰূপে, কাৰ্বনৰ (পাৰমাণৱিক সংখ্যা ৬) দুটা সমস্থানিক আছে। ইয়াৰে ৬ টা নিউট্ৰনযুক্ত কাৰ্বন-১২ সমস্থানিকটো প্ৰচুৰ পৰিমাণে পোৱা যায়, আৰু ৭টা নিউট্ৰনযুক্ত কাৰ্বন-১৩ সমস্থানিকটো বিৰল। কিছুমান মৌলক প্ৰকৃতিত এটা মাত্ৰ সুস্থিৰ সমস্থানিকৰ ৰূপত দেখা যায় (যেনে ফ্ল'ৰিন)। আন কিছুমান মৌল বহুতো সুস্থিৰ সমস্থানিকৰ সৈতে দেখা যায়। যেনে টিনৰ দহটা সুস্থিৰ সমস্থানিক আছে। টেকনিচিয়ামৰ দৰে মৌলৰ কোনো সুস্থিৰ সমস্থানিক নাই।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ernest Rutherford Archived 2011-08-03 at the Wayback Machine. Chemed.chem.purdue.edu. Retrieved on 2012-08-16.
- ↑ 1935 Nobel Prize in Physics Archived 2017-10-03 at the Wayback Machine. Nobelprize.org. Retrieved on 2012-08-16.
- ↑ "2018 CODATA recommended values" https://physics.nist.gov/cuu/Constants/index.html Archived 2018-01-22 at the Wayback Machine
- ↑ Zyla, P. A. (2020). "n MEAN LIFE". Particle Data GroupPDG Live: 2020 Review of Particle Physics. https://pdglive.lbl.gov/DataBlock.action?node=S017T। আহৰণ কৰা হৈছে: 25 February 2021.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;PDGLIVE
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;2014 CODATA
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই