নাং-ফা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
নাং-ফা জুৰি বৰা বৰগোহাঞিয়ে ৰচনা কৰা অসমীয়া ভাষাৰ এখন ঐতিহাসিক আৰু জীৱনীভিত্তিক উপন্যাস। আহোমৰ ৰাজত্ব কালৰ সাহিত্য-সমাজ-সংস্কৃতিৰ বিষয়ে ইয়াত প্ৰকাশ কৰা হৈছে। উপন্যাসখন প্ৰকাশ কৰিছে অসমৰ প্ৰখ্যাত প্ৰকাশন গোষ্ঠী 'বনলতা'ই। টাই আহোম ভাষাত 'নাং' মানে হৈছে শ্ৰীমতী আৰু 'ফা' মানে হৈছে দেৱ-দেৱী। মূলতঃ নাং-ফা মানে হ'ল ৰাজকুমাৰী। 'নাং-ফা' উপন্যাসখন মূলতঃ এখন আহোম ৰাজকুঁৱৰী জয়মতীৰ জীৱনীভিত্তিক উপন্যাস। ই জুৰী বৰা বৰগোহাঞিৰ পঞ্চম উপন্যাস।
পটভূমি
[সম্পাদনা কৰক]লাইথেপেনা সলাল গোহাঁইৰ দ্বিতীয় পত্নী চন্দ্ৰদাৰুৰ বৰজীয়ৰী আছিল জয়মতী। লাইথেপেনা সলাল বৰগোহাঁইৰ সাতটা ল'ৰা সন্তানৰ পিছত প্ৰথম কন্যা সন্তান আছিল জয়মতী। জয়মতীক অন্য মাহীমাক কেইজনীয়েও যথেষ্ট মৰম কৰিছিল। পৰৱৰ্তী সময়ত টিংখাঙৰ বীৰবংশৰ তুংখুঙীয়া ফৈদৰ সুঠাম ডেকা গদাপাণি কোঁৱৰৰ সৈতে জয়মতীৰ বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পিছত তেওঁলোকৰ দুই যমজ সন্তান লাই আৰু লেচাইৰ জন্ম হৈছিল কিন্তু জয়মতী কুৱঁৰীয়ে তৃতীয় সন্তানক গৰ্ভত লৈ থাকোঁতেই আৰম্ভ হৈছিল আহোম ৰাজতন্ত্ৰৰ কূটনৈতিক অভিসন্ধি। ৰাজতন্ত্ৰৰ সকলো নীতি-নিয়ম নিজৰ ভৰিৰে মোহাৰি ৰাজসিংহাসনৰ লোভত অত্যাচাৰী হৈ পৰিছিল লালুকসোলা বৰফুকন। গদাপাণিক জয়মতীয়ে পলুৱাই পঠালে। তাৰ পিছত জয়মতী কুৱঁৰীয়ে নিজেই বন্দীশালৰ অন্ধকুঠৰীত আৱদ্ধ হৈ চৈধ্য দিন চʼতমহীয়া উৰুঙা জেৰেঙা পথাৰৰ কাঁইটীয়া কোঁটকোৰা গছত বন্দী হ'ব লগা হৈছিল আৰু চৈধ্য দিনৰ অন্তত কুৱঁৰীৰ আত্মাই প্ৰাণ-বায়ু এৰি এক অচিন ঠাইলৈ গতি কৰিছিল। ৰজাঘৰীয়া ব্যক্তিৰ মৃত্যুৰ পিছত যিখন আহোম সমাজত মৈদাম দি সন্মানেৰে সৎকাৰ কৰা হৈছিল; সেই ইতিহাসক নস্যাৎ কৰি বোকা পিতনিৰ মাজত জয়মতীৰ নিশ্চল শৰীৰটো লুকুৱাই লালুকসোলা বৰফুকনে নিজৰ বৰ্বৰতাৰ পৰিচয় দিছিল।
উপন্যাসখনৰ জৰিয়তে জয়মতীৰ জন্মভূমি মাদুৰিৰ ৰাজবংশ, চাৰিঙৰ ৰাজাখাত, গড়গাৱঁৰ ৰাজহাউলী, আহোমৰ কৰতলীয়া ৰাজ্যৰ বিষয়ে এক বৰ্ণনা দাঙি ধৰা হৈছে। বয়ন শিল্পৰ বিষয়েও সুন্দৰভাৱে লেখিকাই দাঙি ধৰিছে। আহোম সমাজত কিদৰে এজনী পত্নীয়ে যুদ্ধলৈ ওলোৱা স্বামীক এৰাতিৰ ভিতৰত কৱচ কাপোৰ বৈ উলিয়াই যুদ্ধলৈ সাজু কৰায় তাৰো এক বিষদ বৰ্ণনা উপন্যাসখনৰ মাজেৰে পোৱা যায়। তদুপৰি গদাপাণি কোঁৱৰে নিজ ৰাজ্যৰ পৰা পলাই গৈ ক'ত, কেনেকৈ দিন কটাইছিল তাৰো কথা উপন্যাসখনৰ জৰিয়তে জানিব পাৰি।