সমললৈ যাওক

নাগালেণ্ডৰ সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰম্পৰাগত সাজত চুমী নগা যুৱতী

নাগালেণ্ডৰ ১৬টা প্ৰধান জনজাতি হ’ল আঙ্গামি, আও, চাখেচাং, চাঙ, খাইমনিউনগান, কঁয়াক, ল’থা, ফ’ম নগা, প’চুৰী, ৰেঙ্গমা, চাঙ্গতাম, চুমী, য়িমচুংগাৰ, কুকি, আৰু জেলিয়াংগ্ৰং। কয়াঁক, আঙ্গামি, আও, ল’থা আৰু চুমী সকল বৃহত্তম নগা জনগোষ্ঠী। এইবোৰৰ উপৰিও আন আন সৰু সৰু জনগোষ্ঠীও নাগালেণ্ডত দেখিবলৈ পোৱা যায়। নগাসকলৰ মাজত সাধাৰণতে দেখা পোৱা কেইটামান সাংস্কৃতিক বৈশিষ্ট্য হৈছে:

  1. মূৰ-কটা প্ৰথা
  2. মৰংঘৰ
  3. চাংঘৰ
  4. চাঙত তুলি কৰা শৱ- সৎকাৰ প্ৰথা
  5. প্ৰাক- বিবাহ যৌন - মিলন
  6. তামোল- খোৱা
  7. গাখীৰৰ প্ৰতি বিতৃষ্ণা
  8. গাত চিত্ৰ আঁকি লোৱা (টেটু)
  9. ৰাজনৈতিক গাঁথনিহীনতা
  10. কুমাৰৰ শাল
  11. সৰল পদ্ধতিৰ তাঁতশাল
  12. চাৰিচুকীয়া বা ছচুকীয়া ঢাল
  13. পাহাৰীয়া ঠাইত বসতি।[1]

জনগোষ্ঠীয় পৰম্পৰাসমূহৰ নগা সমাজত গুৰুত্ব বেছি। তাঁতশালত কাপোৰ বোৱা পৰম্পৰা নগা সমাজত বহু প্ৰজন্মৰ পৰা চলি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীৰে কাপোৰত নিজস্ব কলাশৈলী আৰু ৰঙ দেখিবলৈ পোৱা যায়, তাঁতশালত নগাসকলে গাত লোৱা কাপোৰ, মেজত পৰা কাপোৰ, সাধাৰণ বস্ত্ৰ প্ৰস্তুত কৰে। কাঠ আৰু বাঁহৰ সঁজুলি নিৰ্মাণতো নগাসকল পাকৈত। প্ৰায় সকলোবোৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে গাত লোৱা কাপোৰ(শ্বাল)খনে নগা সমাজত মানুহ জনৰ সামাজিক স্থান সূচিত কৰে। নগা সমাজত প্ৰচলিত জনপ্ৰিয় শ্বালবোৰ হৈছে আওসকলৰ চাংকটেপচু আৰু ৰংচো, ল’থাসকলৰ চুটাম, ইথাচু, লংপেনচু, চাংটামসকলৰ চুপং, য়িমচুংগাৰসকলৰ ৰংখিম, চুংগ্ৰেম খিম, আঙ্গামি সকলৰ ল’হে ইত্যাদি।

সংগীত আৰু নৃত্য

[সম্পাদনা কৰক]

লোক নৃত্য আৰু লোক সংগীত নগা সংস্কৃতিৰ এৰাব নোৱৰা অংগ। লোক সংগীত আৰু সাধুবোৰ মুখে মুখে এটা প্ৰজন্মৰ পৰা আনটোলৈ চলি আহিছে। নগা লোক সংগীত সমূহ ৰোমান্তিক আৰু ঐতিহাসিক দুয়ো বিষয়ৰ হোৱা দেখা যায়, ঐতিহাসিক গীত সমূহত বিখ্যাত পূৰ্বপুৰুষসকলৰ আৰু বিভিন্ন কাহিনীৰ বৰ্ণনা পোৱা যায়। তদুপৰি কিছুমাত গীতত বিভিন্ন ঋতু আৰু প্ৰকৃতিৰ বৰ্ণনাও পোৱা যায়। লগতে তেওঁলোকৰ বিভিন্ন ঋতুত কৰা খেতিৰ বৰ্ণনাও এই গীতসমূহত পোৱা যায়। নগাসকলৰ যুদ্ধ নৃত্য নাগালেণ্ডৰ প্ৰধান নৃত্য।

খাদ্যাভাস

[সম্পাদনা কৰক]

নাগালেণ্ড হৈছে ভোট জলকীয়াৰ গৃহভূমি। নাগালেণ্ডৰ সকলো জনজাতিৰ নিজা ৰন্ধনপ্ৰণালী আছে, আৰু তেওঁলোকে তেওঁলোকৰ ব্যঞ্জনত যথেষ্ট মাংস, মাছ আৰু কিণ্বিত সামগ্ৰী ব্যৱহাৰ কৰে। অৱশ্যে, নাগালেণ্ডৰ ৰাজ্যিক ব্যঞ্জন হৈছে কিণ্বিত চয়া বীনেৰে ৰন্ধা পুৰা গাহৰিৰ মাংস। নগা ব্যঞ্জনবোৰত স্থানীয়ভাৱে উৎপাদিত বহুতো বনৌষধি, ভোট জলকীয়া, আদা আৰু নহৰু ব্যৱহাৰ কৰা হয়। বিখ্যাত ব্যঞ্জনবোৰৰ ভিতৰত আছে গাহৰিৰ মাংস আৰু ৰেচমপলুৰে ৰন্ধা শামুক, যি হৈছে ৰাজ্যখনৰ এক ব্যয়বহুল সুস্বাদু খাদ্য। গালহো (Galho) হৈছে চাউল, পাত আৰু মছলাৰে ৰন্ধা এক নিৰামিষ খাদ্য। পানীয়বোৰৰ ভিতৰত আছে আঠাযুক্ত চাউলৰে তৈয়াৰ কৰা জুথো আৰু থুটচ (zutho and thutse)।

ঐতিহাসিক ৰীতি-নীতি

[সম্পাদনা কৰক]

ঐতিহাসিকভাৱে, নাগা জনজাতিসকলে দুটা মুখ্য ৰীতি-নীতি উদযাপন কৰিছিল: সমূহীয়া ভোজ আৰু নৰমুণ্ড চিকাৰ।

নৰমুণ্ড চিকাৰ

[সম্পাদনা কৰক]

নগা পুৰুষসকল কোনো অভিযানৰ পৰা উভতি অহাৰ সময়ত, আগত নাইবা পিছত তেওঁলোকৰ মহিলাসকলৰ পৰা পৃথক থকা সময়ত নৰমুণ্ড চিকাৰ কৰে। মহিলাসকলে, এক সাংস্কৃতিক প্ৰথা হিচাপে, পুৰুষসকলক বিবাহৰ প্ৰাথমিক তাৎপৰ্য হিচাপে মূৰ চিকাৰ কৰিবলৈ উৎসাহিত কৰে। মানুহবোৰে আন জনজাতি বা চুবুৰীয়া ৰাজ্যৰ বিৰুদ্ধে অভিযানত যায়, আৰু তেওঁলোকে মানুহ হত্যা কৰি কেইবাটাও মুৰ অৰ্জন কৰিবলৈ কৰে। এজন সফল মূৰ চিকাৰীক অলংকাৰৰ অধিকাৰ প্ৰদান কৰা হয়। উনবিংশ শতিকাৰ ব্ৰিটিছ ভাৰতত নৰমুণ্ড চিকাৰ প্ৰথা নিষিদ্ধ কৰা হৈছিল, কিন্তু নগা জনজাতিসকলে মূৰ চিকাৰ কৰাৰ অব্যাহত ৰাখিছিল আৰু ১৯৬৯ চনৰ শেষৰ ফালে শত্ৰুৰ মুৰবোৰ ট্ৰফী হিচাপে সংৰক্ষণ কৰিছিল।[2]

সমূহীয়া ভোজ

[সম্পাদনা কৰক]

নগা সমাজৰ ব্যক্তিসকলে সমাজত তেওঁলোকৰ স্থান আৰু সন্মানৰ সৈতে সামাজিক স্থিতি বজাই ৰাখিবলৈ চেষ্টা কৰে। সেয়ে এজন নগা পুৰুষ, তেওঁৰ সামাজিক পদমৰ্য্যদা যিয়েই নহওঁক কিয়, এজন নৰমুণ্ড চিকাৰী বা মহান যোদ্ধা হ'ব লাগিব, বা যোগ্যতাৰ ভোজৰ এটা শৃংখলা সম্পূৰ্ণ কৰিব লাগিব।[3]

এই যোগ্যতাৰ ভোজবোৰে নগা জীৱনৰ সৌন্দৰ্য আৰু উদযাপনক প্ৰতিফলিত কৰে। কেৱল বিবাহিত পুৰুষেহে এনে ভোজ দিব পাৰে, আৰু তেওঁৰ পত্নীয়ে এই অনুষ্ঠানৰ সময়ত এক বিশিষ্ট আৰু সন্মানীয় স্থান গ্ৰহণ কৰে আৰু এনেদৰে পুৰুষ-মহিলাৰ সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁৰ পত্নীয়ে অতিথিসকলক আগবঢ়োৱা পানীয় ঘৰতে তৈয়াৰ কৰে। এজন ধনী জনজাতিৰ ব্যক্তিয়ে দিয়া ভোজ অধিক ব্যয়বহুল হয়।[4] তেওঁ সাধাৰণতে জনজাতিৰ সকলোকে আমন্ত্ৰণ জনায়। এই অনুষ্ঠানটোৱে জনজাতিৰ দম্পতীহালক সন্মান প্ৰদান কৰে। ভোজৰ পিছত, জনজাতিটোৱে দম্পতীহালক সমমৰ্য্যদাৰ অধিকাৰ প্ৰদান কৰে।[5]

নাগালেণ্ডক ভাৰতৰ উৎসৱৰ দেশ হিচাপে জনা যায়।[6] বিভিন্ন জনজাতিৰ বৈচিত্ৰ্যৰে ভৰপূৰ নাগালেণ্ডত, প্ৰত্যেকে জনজাতিৰ নিজা সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে গোটেই বছৰজোৰা বিভিন্ন উৎসৱ উদযাপন কৰে। ইয়াৰ উপৰিও, ৰাজ্যখনে সকলো খ্ৰীষ্টান উৎসৱ উদযাপন কৰে। পৰম্পৰাগত জনজাতি সম্পৰ্কীয় উৎসৱবোৰ কৃষিৰ সৈতে জড়িত, কিয়নো নাগালেণ্ডৰ জনসংখ্যাৰ এক বৃহৎ অংশ পোনপটীয়াকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিটো মুখ্য জনজাতিয়ে পালন কৰা কিছুমান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে: চাখেচাঙসকলৰ 'চুকহেনয়ে' (জানুৱাৰী মাহত), আঙ্গামী সকলৰ 'চেকৰেনয়ি' (ফেব্ৰুৱাৰীত), ক’নয়াক সকলৰ 'আউলিং' (এপ্ৰিল মাহত), আও সকলৰ 'মাউটচু' (মে’ মাহত), চুমী সকলৰ 'টুলুনী' (জুলাই মাহত), চাঙ নগাসকলৰ 'ন্যকনলুম' (জুলাই মাহত), চাঙ্গতাম সকলৰ 'মংমং' (চেপ্তেম্বৰ মাহত), ল’থা সকলৰ 'ট’খো ইমং' (নবেম্বৰ মাহত) আৰু পচুৰী সকলৰ 'য়েমচে' (অক্টোবৰ মাহত)।[7]

হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ

[সম্পাদনা কৰক]
হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ
হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱত নগা লোক

ৰাজ্যখনৰ জনজাতি সমূহৰ মাজত সমন্বয় আৰু ৰাজ্যৰ কলা কৃষ্টি প্ৰসাৰৰ ঊদ্দেশ্যে ২০০ চনত নাগালেণ্ড চৰকাৰে এই উৎসৱ আৰম্ভ কৰে[8]। বৰ্তমানে ৰাজ্যৰ পৰ্যতন আৰু কৃষ্টি বিভাগে আয়োজন কৰা উৎসৱটিত একেখন মঞ্চতে ৰাজ্যখনৰ সকলোবোৰ জনজাতিৰ কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে ১ৰ পৰা ৭ ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয়।

ক’হিমাৰ পৰা ১২ কিমি দূৰত থকা ঐতিহ্যমণ্ডিত নগা গাওঁ কিছামাত এই সপ্তাহযোৰা উৎসৱটি পালন কৰা হয়। নগালেণ্ডৰ প্ৰায় সকলোবোৰ জনজাতিয়েই এই উৎসৱত ভাগ লোৱা দেখা যায়, ৰাজ্যখনৰ কলা-কৃষ্টি আৰু পৰম্পৰাৰ প্ৰদৰ্শনেই উৎসৱটিৰ মূল লক্ষ্য[9]

ভাৰতত পোৱা ধনেশ পক্ষী (Great Indian Hornbill)ৰ নামেৰে এই উৎসৱটিৰ নাম ৰখা হৈছে। যাৰ ঊল্লেখ ৰাজ্যৰ প্ৰায়বোৰ জনজাতিৰেই লোকসংগীতত দেখিবলৈ ওৱা যায়। চিত্ৰশিল্প, কাঠৰ শিল্প, আন আন ভাষ্কৰ্য, খাদ্যসম্ভাৰ আদিৰ প্ৰদৰ্শনী উৎসৱটিত দেখিবলৈ পোৱা যায়, তদুপৰি বিভিন্ন পৰপ্মৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰো প্ৰদৰ্শনীৰ লগতে বিক্ৰী হয়, সোন্দৰ্য প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, কাড়ঁ মৰা প্ৰতিযোগিতা, মল্লযুদ্ধ, সংগীতানুষ্ঠান, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক’ৰেল পেন’ৰমা, হৰ্ণবিল গ্ল’বেল চলচ্চিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু WW-II ভিণ্টেজ কাৰ ৰেলী আদি হৈছে ধনেশ উৎসৱত অনুষ্ঠিত হোৱা আন আন অনুষ্ঠান[10][11][12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. লীলা গগৈ. পৃষ্ঠা. ১৫০. 
  2. Michael Fredholm (1993). Burma: ethnicity and insurgency. Praeger. পৃষ্ঠা. 182. ISBN 978-0-275-94370-7. 
  3. Drouyer, A. Isabel, René Drouyer, THE NAGAS: MEMORIES OF HEADHUNTERS- Indo-Burmese Borderlands- Volume 1", White Lotus, 2016, p.168.
  4. C. R. Stonor (1950), The Feasts of Merit among the Northern Sangtam Tribe of Assam Archived 17 September 2018 at the Wayback Machine, Anthropos, Bd. 45, H. 1./3. (Jan. – Jun. 1950), pp. 1-12; Note: Nagaland was part of Assam in before 1963; this paper was published in 1950.
  5. Mills, J. P. (1935), The Effect of Ritual Upon Industries and Arts in the Naga Hills, Man, 132-135
  6. Nagaland Archived 28 June 2014 at the Wayback Machine Government of Nagaland (2009)
  7. Naga Festivals www.festivalsofindia.in
  8. Hornbill Festival official website
  9. Hornbill Festival www.festivalsofindia.in
  10. Hornbill National Rock Contest official website
  11. 2 crore 7-day Hornbill Festival to enthrall Archived 2012-04-07 at the Wayback Machine nagalandpost.com retrieved 3-12-2011
  12. Hornbill International Motor Rally starts Archived 2012-04-07 at the Wayback Machine nagalandpost.com retrieved 3-12-2011